শিষ্টাচাৰ
In the WordPress open source project, we realize that our biggest asset is the community that we foster. The project, as a whole, follows these basic philosophical principles from The Cathedral and The Bazaar.
- WordPress-ৰ মুক্ত উৎসৰ প্ৰকল্পলৈ আগবঢ়োৱা বৰঙণিবোৰ সমগ্ৰ WordPress সমাজৰ লাভৰ বাবেহে, কোনো বিশেষ ব্যৱসায় বা ব্যক্তিৰ বাবে নহয়। এগৰাকী অৱদানকাৰী হিচাপে গ্ৰহণ কৰা সকলো পদক্ষেপ সমাজৰ সৰ্বোত্তম স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখিহে লোৱা উচিত।
- WordPress-ৰ মুক্ত উৎসৰ প্ৰকল্পত অংশগ্ৰহণ কৰিব বিচৰা সকলোৰে বাবে ইয়াৰ দুৱাৰ মুকলি; ইয়াত দক্ষতা, সামৰ্থ্য, আৰ্থিক অৱস্থা বা অন্য কোনো অৰ্হতাৰ ওপৰত ভিত্তি কৰি কোনো বাধা আৰোপ কৰা নহয়।
- WordPress-ৰ মুক্ত উৎসৰ প্ৰকল্পটো স্বেচ্ছাসেৱকৰ দ্বাৰা পৰিচালিত এখন সমাজ। আনকি যিবোৰ ক্ষেত্ৰত অৱদানকাৰীসকলক বিভিন্ন কোম্পানীয়ে পৃষ্ঠপোষকতা কৰে, সেই সময়খিনিও সমগ্ৰ মুক্ত উৎসৰ সমাজখনৰ স্বাৰ্থত দান কৰা হয়।
- Any member of the community can donate their time and contribute to the project in any form including design, code, documentation, community building, etc. For more information, go to make.wordpress.org.
- WordPress-ৰ মুক্ত উৎসৰ সমাজখনে বৈচিত্ৰ্যক গুৰুত্ব দিয়ে। আমি এক আদৰণিমূলক পৰিৱেশ বৰ্তাই ৰাখিবলৈ চেষ্টা কৰোঁ য’ত সকলোৱে নিজকে অন্তৰ্ভুক্ত বুলি অনুভৱ কৰিব পাৰে; যাৰ বাবে আমি যোগাযোগৰ মাধ্যমবোৰ ভেদাভেদ, হিংসাৰ উচটনি, ঘৃণাৰ প্ৰচাৰ আৰু অবাঞ্ছনীয় আচৰণৰ পৰা আঁতৰাই ৰাখোঁ।